Show/Hide Keyboard Layout

বাটি ভৰাই চিৰা খাবি

- বিহু

বাটি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ

বাঁহৰ চুঙাৰ দৈ ঐ বাঁহৰ চুঙাৰ দৈ ।

জুঁহালতে জুতি লবি সাজৰ বাটি লৈ

সাজৰ বাটি লৈ ঐ সাজৰ বাটি লৈ ।

বাটি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ

বাঁহৰ চুঙাৰ দৈ ঐ বাঁহৰ চুঙাৰ দৈ ।

জুঁহালতে জুতি লবি সাজৰ বাটি লৈ

সাজৰ বাটি লৈ ঐ সাজৰ বাটি লৈ ।

অ’ বিয়া পাতি জুতি লবি জাৰৰ দিনত ঐ

কেঠা কম্বল লৈ ঐ কেঠা কম্বল লৈ ।

কেঠা কম্বল লৈ ঐ কেঠা কম্বল লৈ ।

 

পইতাঁকৰ গৰা খাবি জুতি-পুতি লৈ

জুতি-পুতি লৈ ঐ জুতি-পুতি লৈ ।

দৰা বাচি বাচি থবি গাভৰুতে ঐ

গাভৰুতে ঐ ঐ গাভৰুতে ঐ ।

পইতাঁকৰ গৰা খাবি জুতি-পুতি লৈ

জুতি-পুতি লৈ ঐ জুতি-পুতি লৈ ।

দৰা বাচি বাচি থবি গাভৰুতে ঐ

গাভৰুতে ঐ ঐ গাভৰুতে ঐ ।

অ’ বিয়া পাতি জুতি লবি জাৰৰ দিনত ঐ

কেঠা কম্বল লৈ ঐ কেঠা কম্বল লৈ ।

কেঠা কম্বল লৈ ঐ কেঠা কম্বল লৈ ।

 

কুকি ভৰাই ফুল আনিবি জবা-খৰিকাজাঁই

জবা-খৰিকাজাঁই ঐ জবা-খৰিকাজাঁই ।

মোনা ভৰাই শাক আনিবি লফা ঢেকীয়া লাই

লফা ঢেকীয়া লাই ঐ লফা ঢেকীয়া লাই ।

অ’ ছোৱালী আনিবি ককাই তপিনা দাঙৰ চাই

তেহে বেছিদিন যায় ঐ তেহে বেছিদিন যায় ।

তেহে বেছিদিন যায় ঐ তেহে বেছিদিন যায় ।

Hits: 1024